
নতুন দিল্লী, ১৮ জুন (হিি.স.)। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য চি.পি. ৰাধাকৃষ্ণনে, নিচামুক্ত পৰিসৰ (ড্ৰাগছ ফ্ৰী কেম্পাছ) অভিযানৰ অধীনত দিল্লী বিশ্ববিদ্যালয়ে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ প্ৰশংসা কৰে।
উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ আৰম্ভণিতে ছ’চিয়েল মিডিয়াত নিচামুক্ত পৰিসৰ অভিযান আৰু ই-প্লেজ প্লেটফৰ্ম মুকলি কৰাৰ কথা মনত পেলাই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছমুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত হ’বলৈ আৰু ড্ৰাগছ সেৱনৰ ভাবুকিৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অভিযানৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ প্ৰচেষ্টাক প্ৰশংসা কৰি উল্লেখ কৰে যে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ৫৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলক প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে। তেওঁ কয় যে এনে পদক্ষেপে এখন সুস্থ, শক্তিশালী, আৰু অধিক সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগায়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক এই প্ৰচেষ্টাত যোগদান কৰি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে ড্ৰাগছমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ যুৱক-যুৱতীসকলৰ মাজত সামূহিক প্ৰচেষ্টা আৰু স্থায়ী সজাগতা অতি প্ৰয়োজনীয়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ড্ৰাগছ মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি সকলোৱে ড্ৰাগছৰ পৰা বিৰত থাকিবলৈ প্ৰতিশ্ৰুতি দিব লাগে আৰু আনকো তেনে কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগে। তেওঁ সকলোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায়, বন্ধু-বান্ধৱীক ইয়াৰ পৰা আঁতৰি থকাত সহায় কৰিবলৈ আৰু ড্ৰাগছ সেৱনৰ বিৰুদ্ধে মাত মাতি আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে যোৱা ১৩ জানুৱাৰীত দিল্লী বিশ্ববিদ্যালয়ত ড্ৰাগছমুক্ত কেম্পাছ অভিযান আৰম্ভ কৰে। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড্ৰাগছ নিচামুক্তকৰণৰ বাবে নিবেদিত ই-সংকল্প প্লেটফৰ্ম আৰু মোবাইল এপ্লিকেচনো মুকলি কৰি দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰি ড্ৰাগছমুক্ত কেম্পাছৰ বাবে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া