বিলাসীপাৰাত ছাত্ৰীক অশালীন মন্তব্যক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
বিলাসীপাৰাত এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ ।
বিলাসীপাৰাত ছাত্ৰীক অশালীন মন্তব্যক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ


ধুবুৰী, ১৮ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত এখন বিদ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিলাসীপাৰা হাই স্কুলত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । বিলাসীপাৰাত ছাত্ৰীক অশালীন মন্তব্যক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিদ্যালয় খনৰ প্ৰধান শিক্ষক লোকমান আলীৰ বিৰুদ্ধে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সাব্যস্ত কৰে এই প্ৰতিবাদ।

ছাত্ৰীক অশালীন মন্তব্যক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়ৰ চৌহদত । ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ প্ৰধান শিক্ষক লোকমান আলীৰ নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰে অভিভাৱক সকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande