
ধুবুৰী, ১৮ জুন (হি.স.): ধুবুৰী জিলাৰ আগমনীৰ ছাগলীয়াত যোৱাকালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ছাগলীয়াৰ গোবিন্দ সাধুৰ হৰি মন্দিৰ আৰু ঘৰৰ চোতালত আপত্তিজনক মাংস পেলোৱাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয । দুষ্কৃতিকাৰীয়ে গোবিন্দ সাধুৰ ঘৰত পেলাই থৈ যায় আপত্তিজনক মাংস।
ইয়াকে লৈ ৰাষ্ট্ৰীয় বজৰং দল আৰু স্থানীয় পুৰুষ মহিলাই বন্ধ কৰিলে ছাগলীয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। গো-হত্যা বন্ধ কৰক, হিন্দু বিৰোধী হুঁচিয়াৰ আদি শ্লোগানেৰে ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনা। দিনৰ ১২ বজাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ। উচিত তদন্ত কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছে সংগঠনটোৱে । ধুবুৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰতিবাদীস্থলীত উপস্থিত নোহোৱালৈকে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ