ধিং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নগাঁও, ১৮ জুন (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে পুনৰ ধিং আৰক্ষীৰ বৃহৎ অভিযান । এইবাৰ পুনৰ ধিং আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত ড্ৰাগছ মাফিয়া বাহাৰুল ইছলাম আৰু ৰাজিবুল ইছলাম। ধিং আৰু আহোমগাওঁ আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ মাফিয়া বাহাৰুলৰ ঘৰ মৰিগাঁও জিলাৰ ল
ধিং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ


নগাঁও, ১৮ জুন (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে পুনৰ ধিং আৰক্ষীৰ বৃহৎ অভিযান । এইবাৰ পুনৰ ধিং আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত ড্ৰাগছ মাফিয়া বাহাৰুল ইছলাম আৰু ৰাজিবুল ইছলাম। ধিং আৰু আহোমগাওঁ আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ মাফিয়া বাহাৰুলৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ দুৱামাৰীত আৰু ৰাজিবুলৰ ঘৰ দেৱাগুৰিত বুলি জানিব পৰা গৈছে ।

যোৱা নিশা ধিং আৰু আহোমগাওঁ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ধিঙৰ লালিপথাৰত চলোৱা এক বিশেষ অভিযানত ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় বাহাৰুল ইছলাম আৰু ৰাজিবুল ইছলাম। লগতে আৰক্ষীয়ে জব্দ কৰিছে এএছ ০২ আৰ ২৬৬৬ নম্বৰৰ এখন বুলেট বাইক ।

লালিপথাৰ অঞ্চলৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি লৈ গৈ থকাৰ সময়তেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, এই দুই ড্ৰাগছ মাফিয়াই বিগত সময়ছোৱাত নগাঁও-মৰিগাও জিলাৰ বিভিন্ন অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।

কিন্তু ধিং আৰু আহোমগাওঁ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰখা এই ড্ৰাগছ বিৰোধী অভিযানত হাতে-লোটে ধৰা খালে দুয়ো। সম্প্ৰতি ধিং আৰক্ষীয়ে ড্ৰাগছ মাফিয়া বাহাৰুল আৰু ৰাজিবুলক অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande