
Assam, 18 জুন (হি.স.)। দীৰ্ঘদিনৰে পৰা শয্যাগত অৱস্থাত থকা থকা মাধুৰ্য বৰ্মনৰ মোমায়েকৰ ঘৰৰ ককাকৰ মুক্তিৰ বাবে গীতা পাঠ অনুষ্ঠানলৈ আহি প্ৰাণ হেৰুৱা মাধুৰ্য বৰ্মনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ দিনা ককাকৰ মৃত্যু হোৱাত আন এক দুখৰ খৱৰে আৱৰি ধৰিলে মাধুৰ্য্যৰ পৰিয়ালক ৷ যোৱা ৩১ মে'ত নলবাৰীৰ গংগাপুৰৰ পাঠক চুবুৰীৰ মাধুৰ্য্যৰ মাতৃৰ পিতৃ অৰ্থাৎ মাধুৰ্যৰ মামা ককাক ধৰনীধৰ ডেকা দীৰ্ঘদিনৰে পৰা শয্যাগত অৱস্থাত আছিল সেই উদ্দেশ্যে মোমায়েকৰ পৰিয়ালে শয্যাগত ধৰনীধৰ ডেকাৰ মংগলৰ কাৰণে পৰিয়ালত গীতা পাঠ কৰিছিল আৰু এই গীতা পাঠ অনুষ্ঠানলৈ পিতৃ মাতৃৰ লগতে মাধুৰ্য বৰ্মনো গৈছিল । এই সকলো অনুষ্ঠান সমাপন কৰি আৱেলি নিজ মাহিয়েকৰ ছোৱালী অৰ্থাৎ ভনী মৃদুমুদ্ৰা ডেকাৰ সৈতে নলবাৰী চহৰৰ পৰা কিতাপ অনাৰ বাবে গৈছিল । কিতাপ ক্ৰয় কৰি নিজ গৃহলৈ এখন স্কুটিৰে গৈ থকা অৱস্থাত মোমায়েকৰ ঘৰ পাবলৈ তিনিশ মিটাৰ বাকি থকা অৱস্থাত ঘাটক ৰ'জ আলীৰ আক্ৰমনত থিতাতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মন নামৰ ছাত্ৰ নেতা গৰাকীৰ আৰু গুৰুতৰ ভাৱে আহত হৈ আজিও চিকিৎসাধীন হৈ আছে মাধুৰ্যৰ ভনী মৃদুমুদ্ৰাৰ ডেকা।
ঘটনাৰ ১৭ দিন পিছত ঘাটক ৰ'জ আলীৰ আক্ৰমনত নিহত হোৱা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য্য বৰ্মনৰ ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুধবাৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, আৰু বৃহত্তৰ চামতা অঞ্চলৰ বিভিন্ন আনুষ্ঠান প্ৰতিষ্ঠানৰ অভিভাকত্বত অনুষ্ঠিত কৰা হয় ৷ সেই সময়তে অনাকাংশিত খবৰটো গৈছিল মাধুৰ্যৰ পিতৃ মাতৃৰ ওচৰলৈ। পিছত পুত্ৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শোকাকুল পৰিৱেশৰ মাজেৰে সামৰি গংগাপুৰৰ পাঠক চুবুৰীৰ মাধুৰ্যৰ মাতৃ গৃহত পিতৃ মাতৃ উপস্থিত হৈ পিতৃ মাতৃয়ে শেষ শ্ৰদ্ধা জনায় পিতৃ ৮৫ বছৰীয়া ধৰনীধৰ ডেকাক শেষ বিদায় দিয়ে। সমাজকৰ্মী ধৰনীধৰ ডেকাৰ মৃত্যুত বৃহত্তৰ গংগাপুৰ অঞ্চলত বৃহৎ শোঁকৰ ছাঁ পৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা