
নগাঁও, ১৮ জুন (হি.স.)। ৰূপহীহাটৰ ঘেঁহুৱা চলছলিৰ সোপা ধৰাক কেন্দ্ৰ কৰি উত্তেজনা। বিহাৰী সম্প্ৰদায়ৰ দুজন লোকে হাতত বেগ আৰু পাউদাৰ লৈ বিদ্যালয়ৰ ছাত্ৰীক টানি লৈ যোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ ৰাইজৰ। লোক দুজনে বিদ্যালয়ৰ ছাত্ৰীক লক্ষ্য কৰি অপহৰণৰ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰি ৰাইজে কৰায়ত্ব কৰে অপৰিচিত লোক দুজনক।অপৰিচিত বিহাৰী সম্প্ৰদায়ৰ সন্তোষ ৰজত নামৰ লোকজনে ছাত্ৰীৰ হাতত ধৰি টানিবলৈ ধৰোঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আটক কৰে দুয়োকে। ৰাইজে ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীক খবৰ দি চমজাই দিয়ে।ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত অঞ্চলজুৰি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ