
তামুলপুৰ, ১৮ জুন (হি.স.)। তামুলপুৰ জিলাৰ কুমাৰপাৰা গাঁৱত বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱসৰ সৈতে সংগতি ৰাখি এক বিশেষ লোকৰ্পণ কাৰ্যসূচী ৰূপায়িত কৰা হয় য’ত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত তথা বাক্সা ভূমি সংৰক্ষণ সংমণ্ডলৰ জৰিয়তে পানীবিভাজিকা উন্নয়ন শাখা - প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা ২.০ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এটি সামূহিক পুখুৰী আৰু উদ্যান শস্য ৰোপণ আঁচনি স্থানীয় ৰাইজৰ বাবে মুকলি কৰা হয়।
কুমাৰপাৰা গাঁৱত প্ৰায় ৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে আৰু এই সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে সমগ্ৰ অঞ্চলটোত এনেধৰণৰ মুঠ ২১ টা জনকল্যাণমূলক প্ৰকল্প মুকলি কৰা হ’ব যাৰ অংশস্বৰূপে আজি কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন সম্পন্ন কৰা হৈছে।
এই সৰ্বমুঠ আঁচনিখনে স্থানীয় ৰাইজক জলসিঞ্চন, পানী সংৰক্ষণ তথা জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইপিনে জিলা খনৰ আঙাৰকাটা-ঢেকীয়াবস্তিত বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱসৰ সৈতে সংগতি ৰাখি জিলা ভূমি সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপণ কাৰ্যসূচীত উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী আৰু জিলা খনৰ সহকাৰী আয়ুক্ত অনুপম ডেকাই কেইবাজোপাও মুল্যবান গছপুলি ৰোপণ কৰে।
আজিৰ এই গুৰুত্বপূৰ্ণ লোকৰ্পণ অনুষ্ঠান তথা প্ৰমাণপত্ৰ প্ৰদান কাৰ্যসূচীত বাক্সা জিলা ভূমি সংমণ্ডল বিষয়া তফিকুৰ ৰহমানৰ লগতে স্থানীয় গাঁও প্ৰতিনিধি বিমল বসুমতাৰী, মদন নাৰ্জাৰী আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি তথা গাঁৱৰ ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা