
ধুবুৰী, ১৮ জুন (হি.স.)। ধুবুৰীত আৰক্ষীৰ অভিযানত আটক ছয়জন ডকাইতৰূপী চোৰ। ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলংৰ সামগ্ৰী চুৰিকাণ্ডৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ছয়জন ডকাইতৰূপী চোৰক। আটকাধীন চোৰ কেইজনৰ নাম হৈছে ৰূপচান্দ আলী, আয়ুব শ্বেখ, আমিনুৰ ইছলাম, মোছতাফিজুৰ আলম, ফৰহাদ আলী আৰু চৰহাব আলী ।
দীৰ্ঘদিন ধৰি ডকাইতৰূপী চোৰ কেইজনে ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলংৰ সামগ্ৰী চুৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বিভিন্ন স্থানত অভিযান চলাই ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলংৰ সামগ্ৰী সৈতে চোৰ কেইজনক আটক কৰিছে।
অধিক তথ্যৰ বাবে আটাইকেইজন চোৰক আটক কৰি ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু