বৃক্কৰ জটিল ৰোগত আক্রান্ত হিমাশ্ৰীক আৰ্থিক সাহায্য় প্ৰদান ৰঙিয়া পৌৰসভাৰ
কামৰূপ, ১৮ জুন (হি.স.)। বৃক্কৰ জটিল ৰোগত আক্রান্ত হিমাশ্ৰীৰ কাষত ৰঙিয়া পৌৰসভা। আৰ্থিক সহায়ৰ লগতে উন্নত চিকিৎসাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান এঘাৰ বছৰীয়া হিমাশ্রী দেৱীয়ে বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকা খবৰটো সংবাদ মাধ্য
বৃক্কৰ জটিল ৰোগত আক্রান্ত হিমাশ্ৰীক আৰ্থিক সাহায্য় প্ৰদান ৰঙিয়া পৌৰসভাৰ


কামৰূপ, ১৮ জুন (হি.স.)। বৃক্কৰ জটিল ৰোগত আক্রান্ত হিমাশ্ৰীৰ কাষত ৰঙিয়া পৌৰসভা।

আৰ্থিক সহায়ৰ লগতে উন্নত চিকিৎসাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান

ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান এঘাৰ বছৰীয়া হিমাশ্রী দেৱীয়ে বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকা খবৰটো সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰি ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ (ধন) আৰু উপ পৌৰপতি বিদ্যুৎ ডেকাৰ নেতৃত্বত ৰঙিয়াৰ সমাজ জীৱনৰ সৈতে জড়িত একাংশ হৃদয়বান ব্যক্তিয়ে বুধবাৰে কণমানিজনীৰ ৰঙিয়াৰ সমীপৰ গড়কাস্থিত বাসগৃহত উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য আগবঢ়াই আৰু কণমানিজনীৰ চিকিৎসাৰ ক্ষেত্ৰত যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়াব বুলি পৰিয়ালটিক আশ্বাস প্ৰদান কৰে।

পৌৰপতি আৰু উপ পৌৰপতিৰ নেতৃত্বত কাৰ্যবাহী অভিযন্তা বসন্ত ডেকা, পাৰিষদ গুঞ্জন দাস, যুৱ নেতা লিটন কলিতা, বলেন শীল, যুৱ সমাজকৰ্মী পুলকেশ ডেকা, পংকজ কলিতা,সাহিত্য সংগঠক হেমন্ত কলিতা, অধ্যক্ষ জাভেদ জামান, মানস বেজবৰুৱা, তৰুণ দাস, দীনেশ সিং, ঋষি লহকৰ, মকিবৰ ৰহমান,ৰাতুল কাকতি, চফিকুল হুছেইন, চুভিত কুমাৰ কলিতা, চুমন শইকীয়া, নেহাৰ চামাদ, গুণু বড়ো, দীপু দাস, সমীৰণ বৰা আৰু বহুকেইজন হৃদয়বান ব্যক্তিয়ে কণমানিজনীলৈ আৰ্থিক সহযোগিতা আগবঢ়াই৷

লগতে বিষয়টো স্থানীয় বিধায়ক ভৱেশ কলিতা তথা জননেতা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । দেউতাকক দুবছৰ পুৰ্বে হেৰুৱাই নিথৰুৱা হোৱা পৰিয়ালটোৰ অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কণমানি হিমাশ্রী। মাকে আনৰ ঘৰত কাম কৰি দুবেলা দুসাজ মোকলাইছিল যদিও বেমাৰৰ ফলত স্বামীক হেৰুৱাই দুবছৰ বয়সৰ পৰাই অসুখীয়া একমাত্ৰ জী হিমাশ্ৰীক এৰি যাব নোৱাৰা বাবে কৰ্মহীন হৈ পৰে৷ ভৱিষ্যতে চিকিৎসক হৈ মাকৰ সকলো দুখ দূৰ কৰাৰ হেঁপাহ পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানি হিমাশ্ৰীৰ।

স্বামীহাৰা জোনালী দেৱীয়ে একমাত্ৰ সন্তানটিৰ বাবে বিচাৰিছে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ লগতে সুহৃদ ব্যক্তিৰ সহায়। শিশুটোক সুস্থ কৰি তুলিবলৈ প্রয়োজন উন্নত চিকিৎসাৰ। এই চিকিৎসাৰ বাবে বহু পৰিমাণৰ টকাৰ প্ৰয়োজন। কন্যাৰ চিকিৎসা কৰি কৰি সৰ্বস্ৰান্ত হৈ পৰিছে অসহায় জোনালী দেৱী ৷

পৰিয়ালটোক যদি কোনো সুহৃদ ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে- ৯৫৩১২৯৪১৫৩ নম্বৰত যোগাযোগ কৰিব পাৰে৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande