(আপডেট)বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ
কামৰূপ, ১৮ জুন (হি.স.)। বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ । ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন নিৰুদ্দিষ্ট হোৱাত হাহাকাৰ অৱস্থা পৰিয়ালৰ । অজান আশংকাত চিন্তিত পত্নী । দুবছৰীয়া মূক বধিৰ সন্তানৰ সৈতে পত্নীৰ কাতৰ আহ্বান - স্বামীক সুস্থ শৰ
(আপডেট)বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ


কামৰূপ, ১৮ জুন (হি.স.)। বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ । ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন নিৰুদ্দিষ্ট হোৱাত হাহাকাৰ অৱস্থা পৰিয়ালৰ । অজান আশংকাত চিন্তিত পত্নী । দুবছৰীয়া মূক বধিৰ সন্তানৰ সৈতে পত্নীৰ কাতৰ আহ্বান - স্বামীক সুস্থ শৰীৰে ঘূৰাই আনিব লাগে । উল্লেখ্য যে যোৱা ৭ জুনত কৰ্মৰ সন্ধানত ৰঙিয়াৰ বালিসত্ৰৰ মুন কুমাৰ মিৰ হুছেইনৰ জৰিয়তে এছএমভিটি এক্সপ্ৰেছৰ পেন্ট্ৰিকাৰৰ কৰ্মচাৰী হিচাপে কাম আৰম্ভ কৰে । এই ৰেলখনত ৯ জুনৰ পুৱতি নিশা মুন কুমাৰৰ সৈতে পেন্ট্ৰিকাৰৰ মেনেজাৰ পিন্টু বিশ্বাসে কাজিয়াত লিপ্ত হয় ।

তাৰ পিছতে মেনেজাৰ পিন্টু বিশ্বাসৰ সহযোগী পেন্ট্ৰিকাৰৰ কৰ্মচাৰী বিনয় শৰ্মা ওৰফে পণ্ডিত আৰু কোচ বিহাৰৰ ৰাজু শ্বাহে মুনক মাৰপিট কৰে । তেতিয়াৰ পৰা ৰহস্যজনক ভাৱে মুন অন্ধ্ৰ প্ৰদেশত নিৰুদ্দেশ হৈ পৰে । মুন কুমাৰৰ নিৰুদ্দেশৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে ৫ জনক গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হৈছে পেন্ট্ৰিকাৰৰ প্ৰৱন্ধক পিন্টু বিশ্বাস, কৰ্মচাৰী উত্তৰ প্ৰদেশৰ অযোধ্যাৰ বিনয় শৰ্মা ওৰফে পণ্ডিত, ৰঙিয়াৰ মিৰ হুছেইন, তৌফিকুল হক আৰু আক্ৰাম আলী ।এতিয়া বালিসত্ৰৰ মুন কুমাৰৰ ঘৰত শোকাকুল পৰিবেশ। ভালে কুশলে ঘুৰি আহিব লাগে মুন কুমাৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande