ৰহাৰ বাৰপূজীয়াৰ মুকেশ শইকীয়া নামৰ যুৱকজনে বাঁহশিল্পৰ জৰিয়তে আৰ্থিক পৰাকাঠামো গঢ়ি তুলিছে
নগাঁও, ১৮ জুন (হি.স.)। সৰুৰে পৰাই ৰহাৰ বাৰপূজীয়া দৰঙীয়াল গাঁৱৰ মুকেশ শইকীয়া নামৰ যুৱকজনে সাজি আহিছে বাঁহ-বেতৰ নানাধৰণৰ সামগ্ৰী৷ এতিয়া নামেই যাৰ পৰিচয়৷ দেউতাক গোপেশ্বৰ শইকীয়া আছিল ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কাৰুশিল্পী৷ পিতৃপ
ৰহাৰ বাৰপূজীয়াৰ মুকেশ শইকীয়া নামৰ যুৱকজনে বাঁহশিল্পৰ জৰিয়তে আৰ্থিক পৰাকাঠামো গঢ়ি তুলিছে


নগাঁও, ১৮ জুন (হি.স.)। সৰুৰে পৰাই ৰহাৰ বাৰপূজীয়া দৰঙীয়াল গাঁৱৰ মুকেশ শইকীয়া নামৰ যুৱকজনে সাজি আহিছে বাঁহ-বেতৰ নানাধৰণৰ সামগ্ৰী৷ এতিয়া নামেই যাৰ পৰিচয়৷ দেউতাক গোপেশ্বৰ শইকীয়া আছিল ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কাৰুশিল্পী৷ পিতৃপ্ৰদত্ত সেই গুণেৰেই এতিয়া জিলিকি উঠিছে মুকেশ৷ দেউতাকৰ পৰা বাঁহশিল্পৰ প্ৰাথমিক জ্ঞান লাভ কৰাৰ পিচত মুকেশে ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন আয়োগৰ অধীনত দুবাৰকৈ ছমহীয়া প্ৰশিক্ষণ লয়৷ ইয়াৰ পিচৰে পৰা মুকেশে নিৰবিচ্ছিন্ন তথা একান্তভাৱে লাগি পৰে বাঁহশিল্পৰ লগত আৰু নিজ হাতৰ যাদুকৰী বিদ্যাৰে নিৰ্মাণ কৰিছে ইটোৰ পিচত সিটো আকৰ্ষণীয় সামগ্ৰী৷ বাঁহশিল্পৰ জৰিয়তে নিজৰ আৰ্থিক পৰাকাঠামো গঢ়ি তুলিব সক্ষম হৈছে।

মুকেশৰ হাতৰ পৰশত নিৰ্জীৱ বাঁহে লয় বিভিন্ন ৰূপ৷ ডলা, চালনি, খৰাহী, জাকৈ-খালৈ, ফাৰ্নিচাৰ আদি বাদেই মুকেশৰ যাদুকৰী হাতত শুকান বাঁহেও ৰূপ লয় ঘৰিয়াল, বৰটোকোলা, প্ৰতিমা, ফুল আদি বিভিন্ন আকৃতি৷ মুকেশে নিজহাতে গঢ়া বাঁহৰ সামগ্ৰী লৈ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰদৰ্শনী তথা মেলাত অংশগ্ৰহণ কৰি লাভ কৰিছে ব্যাপক চাহিদা আৰু সমাদৰ, লাভ কৰিছে বঁটা, প্ৰশংসা পত্ৰ৷

মুকেশ বৰ্তমান খাদী ব’ৰ্ড, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, কেভিআইচি, ডিআইচি আদি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ লগতো জড়িত হৈ আছে৷ মুকেশৰ প্ৰতিভাৰ বাবেই ভাৰত তথা অসম চৰকাৰ দক্ষতা বিকাশ প্ৰক্ষিণবোৰত মুকেশক বাঁহশিল্পৰ প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাই আহিছে৷

ৰাজ্যৰ বিভিন্ন জিলাত মুকেশে বাঁহশিল্পৰ প্ৰশিক্ষণ দিয়াৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ ’চেণ্টাৰ ফৰ ৰিছ’ৰ্চ এণ্ড ট্ৰেইনিঙ’ৰ তৰফৰ পৰা আমন্ত্ৰিত হৈ দিল্লী আৰু মহাৰাষ্ট্ৰতো বাঁহশিল্পৰ প্ৰশিক্ষণ দি আহিছে৷ মুকেশৰ এই দক্ষতাৰ বাবেই মহাৰাষ্ট্ৰৰ ভাৰতীয় হিউমিনিটি একাডেমিক ৰিছাৰ্চ এণ্ড ট্ৰেইনিং ফৰ য়ুথ নামৰ সংস্থাই হস্তশিল্পৰ আদৰ্শ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে৷

তদুপৰি মুকেশৰ প্ৰতিভা তথা দক্ষতাত মুগ্ধ হৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ও পুৰস্কৃত কৰে মুকেশক৷

শেহতীয়াকৈ অসমৰ বাঁহশিল্পই ভৌগালিক সূচাংক লাভ কৰাত অধিক উৎসাহিত হৈ পৰিছে৷ ভৌগালিক সূচাংক লাভ কৰাৰ পিচত থলুৱা বাঁহশিল্পী সকলক উৎসাহিত হ’ব আৰু বাঁহশিল্পক আগুৱাই নিব বুলি মন্তব্য কৰে বাঁহশিল্পী গৰাকীয়ে৷ স্নাতক ডিগ্ৰীধাৰী মুকেশে বাঁহশিল্পৰ জড়িয়তে সুন্দৰকৈ পৰিয়াল চলোৱাৰ লগতে আনকো বাঁহশিল্পৰ প্ৰতি উৎসাহিত কৰি সকলোৰে আদৰ্শ হৈ পৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande