
ধুবুৰী, ১৮ জুন (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বুধবাৰে বিয়লি এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ই-ৰিক্সা আৰু গো ধনৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । ধুবুৰীৰ ধৰ্মশালাৰ পৰা হাতীধুৰা অভিমুখে গৈ আছিল ই-ৰিক্সা খন। গো ধনৰ লগত খুন্দা খাই বাগৰি পৰে ই-ৰিক্সা খন।
দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সা খনত চাৰি গৰাকী যাত্ৰী আছিল। ঔষধৰ কাৰণে হাতীধূৰা লৈ গৈ আছিল যাত্ৰীসকল। ইয়াৰে সাহেৰা ভানু নামৰ মহিলা গৰাকী গুৰুতৰভাৱে আহত হয়। আনহাতে নুৰজাহান বেওয়া (৭০), আংকিতা খাতুন (৭) আৰু জহিৰুল ইছলাম নামৰ লোক কেইজন আহত হয় । আহত কেইজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। গুৰুতৰভাৱে আহত সাহেৰা ভানুক ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰাহৈছে । আটাই কেইজন লোকৰে ঘৰ ধুবুৰীৰ ধৰ্মশালাত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ