কোকৰাঝাৰৰ ছেৰফাংগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
কোকৰাঝাৰৰ ছেৰফাংগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
কোকৰাঝাৰৰ ছেৰফাংগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা


কোকৰাঝাৰ, ১৮ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিত যোৱা কালি বুধবাৰে এক সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাকৰ খুন্দাত এগৰাকী ছাত্ৰী নিহত হোৱাৰ লগতে আন এগৰাকী ছাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে । ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ছেৰফাংগুৰিত ট্ৰাক - স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰামতে, দুই গৰাকী ছাত্ৰী আছিল বান্ধৱী। দোতমাৰ বৰশীঝোৰাৰ পৰা ছেৰফাংগুৰি ৰামফলবিল চুইছ গেটত ফুৰিবলৈ আহিছিল দুই বান্ধৱীঃ। দুই বান্ধৱী স্কুটি লৈ ঘৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। দোতমা ইউ এন একাডেমীৰ ছাত্ৰী আছিল দুজন।নিহত ছাত্ৰী গৰাকী দিয়া ব্ৰহ্ম আৰু আহত ছাত্ৰী গৰাকী দীপাঞ্জলি বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ কেএন ০১ এছ ০৬২১ হোৱাৰ বিপৰীত দুৰ্ঘটনাত পতিত হোৱা স্কুটিৰ নম্বৰ এএছ ১৬ এন ৬৪৩৯ আছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande