বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ
কামৰূপ, ১৮ জুন (হি.স.)। কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ১২ দিনে সন্ধানহীন হৈ আছে ৰঙিয়াৰ মুন কুমাৰ নামৰ ব্য়ক্তিজন । ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন নিৰুদ্দিষ্ট হোৱাত পৰিয়ালটোৰ হাহাকাৰময় অৱস্থা হৈ পৰিছে । অজান আশংকাত চিন্তিত হৈ পৰিছে মুন কুমাৰৰ পত্
বহিঃৰাজ্যত ১২ দিনে সন্ধানহীন ৰঙিয়াৰ মুন কুমাৰ


কামৰূপ, ১৮ জুন (হি.স.)। কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ১২ দিনে সন্ধানহীন হৈ আছে ৰঙিয়াৰ মুন কুমাৰ নামৰ ব্য়ক্তিজন । ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন নিৰুদ্দিষ্ট হোৱাত পৰিয়ালটোৰ হাহাকাৰময় অৱস্থা হৈ পৰিছে । অজান আশংকাত চিন্তিত হৈ পৰিছে মুন কুমাৰৰ পত্নী । দুবছৰীয়া মূক বধিৰ সন্তানৰ সৈতে পত্নীয়ে স্বামীক সুস্থ শৰীৰে ঘূৰাই আনিবলৈ কাতৰ আহ্বান জনাইছে ।

উল্লেখ্য যে যোৱা ৭ জুনত কৰ্মৰ সন্ধানত ৰঙিয়াৰ বালিসত্ৰৰ মুন কুমাৰ নামৰ লোকজনে মিৰ হুছেইনৰ জৰিয়তে এছএমভিটি এক্সপ্ৰেছৰ পেন্ট্ৰিকাৰৰ কৰ্মচাৰী হিচাপে কাম আৰম্ভ কৰে । এই ৰে’লখনত ৯ জুনৰ পুৱতি নিশা মুন কুমাৰৰ সৈতে পেন্ট্ৰিকাৰৰ মেনেজাৰ পিন্টু বিশ্বাসে কাজিয়াত লিপ্ত হয় । তাৰ পিছতে মেনেজাৰ পিন্টু বিশ্বাসৰ লগতে পেন্ট্ৰিকাৰৰ কৰ্মচাৰী বিনয় শৰ্মা ওৰফে পণ্ডিত আৰু কোচ বিহাৰৰ ৰাজু শ্বাহে মুনক মাৰপিট কৰে । তেতিয়াৰ পৰা ৰহস্যজনকভাৱে মুন অন্ধ্ৰ প্ৰদেশৰ পৰা নিৰুদ্দেশ হৈ পৰে । মুন কুমাৰৰ নিৰুদ্দেশৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে ৫ জনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হৈছে পেন্ট্ৰিকাৰৰ প্ৰৱন্ধক পিন্টু বিশ্বাস, কৰ্মচাৰী উত্তৰ প্ৰদেশৰ অযোধ্যাৰ বিনয় শৰ্মা ওৰফে পণ্ডিত, ৰঙিয়াৰ মিৰ হুছেইন, তৌফিকুল হক আৰু আক্ৰাম আলী ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande