স্বগৃহলৈ অনা হ'ব ৰঙিয়া ততাঁৰকুছি গাঁৱৰ সঞ্জীৱ ঘোষৰ নশ্বৰ দেহ
কামৰূপ, ১৮ জুন (হি.স.)। অৱশেষত স্বগৃহলৈ অনা হ''ব ৰঙিয়া ততাঁৰকুছি গাঁৱৰ সঞ্জীৱ ঘোষৰ নশ্বৰ দেহ। ৰঙিয়া ততাঁৰকুছি গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ ৬ জনকৈ সদস্যই কৰ্মসূত্ৰে তামিলনাডুত আছিল । তামিলনাডুৰ ৰাজপালায়মৰ এছআৰ টিভি কোম্পা
স্বগৃহলৈ অনা হ'ব ৰঙিয়া ততাঁৰকুছি গাঁৱৰ সঞ্জীৱ ঘোষৰ নশ্বৰ দেহ


কামৰূপ, ১৮ জুন (হি.স.)। অৱশেষত স্বগৃহলৈ অনা হ'ব ৰঙিয়া ততাঁৰকুছি গাঁৱৰ সঞ্জীৱ ঘোষৰ নশ্বৰ দেহ। ৰঙিয়া ততাঁৰকুছি গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ ৬ জনকৈ সদস্যই কৰ্মসূত্ৰে তামিলনাডুত আছিল । তামিলনাডুৰ ৰাজপালায়মৰ এছআৰ টিভি কোম্পানীত কাম কৰি আছিল ঘৰৰ আটাইকেইজন সদস্যই। কিন্তু দুৰ্ভাগ্যবশত: ১০জুন তাৰিখে এক শোকাৱহ বিদ্যুৎ দূৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল মাতৃ সাবিত্ৰী ঘোষে । ইয়াৰ পিছতে ১৫জুনত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় পুত্ৰ সঞ্জীৱ ঘোষৰো । তাৰ পিছৰ পৰাই তামিলনাডুত আৱদ্ধ হৈ আছিল দুৰ্ভগীয়া পৰিয়ালটো।

অৱশেষত স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰা হ’ল সঞ্জীৱ ঘোষৰ মৃতদেহৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক । অসম চৰকাৰক ৰাইজৰ অনুৰোধ পৰিয়ালটোক সহায় কৰিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে স্থানীয় ৰাইজে। আনহাতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাকো সহায় কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande