ডবকাৰ দীঘলজাৰুণীত মাৰণাস্ত্ৰসহ দুজন সৰবৰাহকাৰীক আটক
নগাঁও, ১৮ জুন (হি.স.)। নগাঁও জিলাৰ ডবকাৰ দীঘলজাৰুণীত আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত যোৱা কালি বুধবাৰে সন্ধিয়া ডবকাৰ দীঘলজাৰুণী অঞ্চলত মাৰণাস্ত্ৰসহ দুজন সৰবৰাহকাৰীক আটক কৰা হয়। আ
ডবকাৰ দীঘলজাৰুণীত মাৰণাস্ত্ৰসহ দুজন সৰবৰাহকাৰীক আটক


নগাঁও, ১৮ জুন (হি.স.)। নগাঁও জিলাৰ ডবকাৰ দীঘলজাৰুণীত আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত যোৱা কালি বুধবাৰে সন্ধিয়া ডবকাৰ দীঘলজাৰুণী অঞ্চলত মাৰণাস্ত্ৰসহ দুজন সৰবৰাহকাৰীক আটক কৰা হয়। আটক কৰা সৰবৰাহকাৰী দুজন হৈছে জমিৰ উদ্দিন আৰু আব্দুল চাত্তাৰ।

জানিব পৰা মতে, দুয়োজনৰে ঘৰ ডবকাৰ কালাপানী অঞ্চলত। আৰক্ষীয়ে তেওঁলোকৰ পৰা ইটালীত নিৰ্মিত এটা পিষ্টল, ৫ জাঁই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে। এখন বাইকেৰে গৈ থকা অৱস্থাত দীঘলজাৰুণীৰ নৱ-নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে দুয়োজনক আটক কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই অস্ত্ৰ সৰবৰাহ চক্ৰৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি সেই দিশতো অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande