তামুলপুৰ জিলাৰ শান্তিপুৰত দুৰ্বিসহ যাতায়ত ব্যৱস্থা
তামুলপুৰ জিলাৰ শান্তিপুৰত যাতায়ত ব্যৱস্থা উদঙাইছে বিকাশিত অসমৰ স্বৰূপ।
তামুলপুৰ জিলাৰ শান্তিপুৰত দুৰ্বিসহ যাতায়ত ব্যৱস্থা


তামুলপুৰ, ১৮ জুন (হি.স.): তামুলপুৰ জিলাৰ শান্তিপুৰত যাতায়ত ব্যৱস্থাই জনতাক আহুকালৰ পেলাইছে । শান্তিপুৰ বসন্ত পুখুৰী পাৰ চুবুৰিৰ পৰা পশ্চিম শান্তিপুৰলৈ যোৱা পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে। নিতৌ এই বিধ্বস্ত পথটোৰে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যাতায়ত কৰে।

স্থানীয় ৰাইজে পথটো মেৰামতি কৰিবলৈ জনপ্ৰতিনিধি সকলক আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে । তামুলপুৰ বিধানসভা আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োক অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande