গহপুৰৰ এটা গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক
গহপুৰৰ এটা গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰন ৰাইজক।
গহপুৰৰ এটা গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক


বিশ্বনাথ, ১৮ জুন (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ গোপালপুৰ পঞ্চায়তৰ এটি গড়কাপ্তানী পথে জ্বলা কলা খুৱাইছে ৰাইজক ৷ সোলেঙী ৰজাবাৰীৰ পৰা অৰুণাচল সংযোগী গড়কাপ্তানী পথটোৰ মাজত ভাগত ব্লেক টপিং এৰাই গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত যাতাযাতত দুৰ্ভোগ ভুগিব লগাত পৰিছে স্থানীয় ৰাইজ সকলে ৷

বাহন চলাচল অতি বিপদজনক হৈ পৰিছে পথটোৰে । স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স আৰু সাধাৰণ যাত্ৰীসকলে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাইজে অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ ওচৰত আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande