তামাৰহাটৰ ডিংডিঙ্গা ঠাকুৰপুৰত পৰিত্যক্ত চিকিৎসালয়
তামাৰহাটৰ ডিংডিঙ্গা ঠাকুৰপুৰৰ এখন পৰিত্যক্ত চিকিৎসালয়।
তামাৰহাটৰ ডিংডিঙ্গা ঠাকুৰপুৰত পৰিত্যক্ত চিকিৎসালয়


কোকৰাঝাৰ, ১৮ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ ডিংডিঙ্গা ঠাকুৰপুৰত আছে এখন পৰিত্যক্ত চিকিৎসালয় । ঘাঁহ বনেৰে আবৰি ধৰিছে চিকিৎসালয় খন। পৰ্যাপ্ত ধন ব্যয়েৰে প্ৰায় পোন্ধৰ বছৰ পুৰ্বে নিৰ্মাণ কৰা হৈছিল দহ খন বিছনা যুক্ত চিকিৎসালয় খন। ৮০ শতাংশ কাম হোৱাৰ পিছত বন্ধ হৈ পৰে নিৰ্মাণ কাৰ্য্য। আজিলৈকে মুকুলি নহ'ল চিকিৎসালয় খন।

পৰিত্যক্ত অৱস্থাত পৰি আছে চিকিৎসালয় খন । চিকিৎসালয় খন মুকুলি নোহোৱাত ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজ চিকিৎসাৰ ক্ষেত্ৰত হাবাথুৰি খাব লগা হৈছে। চিকিৎসালয় খন মুকুলি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজক উপকৃত কৰিবলৈ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ওচৰত দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande