পিএম-কিছানৰ ২৩ সংখ্যক কিস্তি ২০ জুনত মুকলি, ৯৪.৪ নিযুত কৃষকে লাভ কৰিব ১৮,৮৮০ কোটি ₹।
নতুন দিল্লী, ১৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুনত পশ্চিম বংগৰ তাৰকেশ্বৰৰ পৰা মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম-কিছান (PM-KISAN) সন্মান নিধি যোজনাৰ ২৩ তম কিস্তি। দেশৰ ৯ কোটি ৪৪ লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়া
पीएम


নতুন দিল্লী, ১৮ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুনত পশ্চিম বংগৰ তাৰকেশ্বৰৰ পৰা মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম-কিছান (PM-KISAN) সন্মান নিধি যোজনাৰ ২৩ তম কিস্তি। দেশৰ ৯ কোটি ৪৪ লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ১৮,৮৮০ কোটিতকৈ অধিক ধন স্থানান্তৰ কৰা হ’ব। হিতাধিকাৰীৰ ভিতৰত আছে ২ কোটি ১৮ লাখৰো অধিক মহিলা কৃষক।

পশ্চিম বংগ চৰকাৰৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত এই কাৰ্যসূচী। পশ্চিম বংগৰ গৱৰ্ণৰ আৰ.এন. ৰবি, মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু জনপ্ৰতিনিধি উপস্থিত থাকিব।

বৃহস্পতিবাৰে কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পশ্চিম বংগৰ ৪৫.৩৫ লাখতকৈ অধিক কৃষকে লাভ কৰিব ₹৯০৭.২১ কোটিৰো অধিক ধন। ইয়াৰ লগে লগে ২০১৯ চনৰ পৰা ৰাজ্যখনত পিএম-কিছানৰ অধীনত মুঠ ব্যয় ১৫,০৫৫ কোটি ₹ অতিক্ৰম কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ কৃষি আঁচনি মুকলি কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা, ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান, প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনা।

শস্য বীমা আঁচনিৰ লক্ষ্য হৈছে ২০২৬-২৭ চনৰ ভিতৰত পশ্চিম বংগৰ প্ৰায় ১ কোটি ১০ লাখ কৃষকক বীমা সুৰক্ষা প্ৰদান কৰা।

মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এগ্ৰিষ্টেকৰ জৰিয়তে সাৰ বিতৰণ, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰত্যক্ষ সুবিধা হস্তান্তৰ, আৰু এম এছ পি ক্ৰয় আদি সেৱা ডিজিটেল প্লেটফৰ্মত কৃষকসকলৰ বাবে উপলব্ধ হ’ব।

ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ অধীনত ৰাজ্যত ৩৪৬টা প্ৰাকৃতিক কৃষি ক্লাষ্টাৰ গঢ়ি তোলা হ’ব, যাৰ ফলত ৪৩,২৫০ জন কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনাৰ অধীনত পুৰুলিয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ, আৰু ঝাৰগ্ৰাম জিলাত কৃষি উন্নয়ন, জলসিঞ্চন, আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰা হ’ব।

কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অহা ২০ জুনত সমগ্ৰ দেশতে পিএম-কিছান উতসৱ দিৱস উদযাপন কৰা হ'ব। কৃষি বিজ্ঞান কেন্দ্ৰ, মাণ্ডী, এফ পি অ’, আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব, য’ত প্ৰায় ১ কোটি কৃষকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande