ছাগলীয়া মন্দিৰত নিষিদ্ধ মাংস পেলোৱা ঘটনাৰ সৈতে জড়িত এজনক আটক
ধুবুৰী, ১৮ জুন (হি.স.)। নিষিদ্ধ মাংস পেলাই আৰক্ষীৰ জালত আমিৰ আলী। ধৃত আমিৰ আলীৰ ঘৰ ছাগলীয়া ৰেল লাইনৰ ওচৰত। ইতিমধ্যে ছাগলীয়া মন্দিৰত আপত্তিজনক মাংস পেলোৱা ঘটনাৰ সৈতে জড়িত এজনক আটক। দুষ্কৃতিকাৰীক আটকৰ পিছত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ প্ৰতিবাদী ক
ছাগলীয়া মন্দিৰত নিষিদ্ধ মাংস পেলোৱা ঘটনাৰ সৈতে জড়িত এজনক আটক


ধুবুৰী, ১৮ জুন (হি.স.)। নিষিদ্ধ মাংস পেলাই আৰক্ষীৰ জালত আমিৰ আলী। ধৃত আমিৰ আলীৰ ঘৰ ছাগলীয়া ৰেল লাইনৰ ওচৰত। ইতিমধ্যে ছাগলীয়া মন্দিৰত আপত্তিজনক মাংস পেলোৱা ঘটনাৰ সৈতে জড়িত এজনক আটক। দুষ্কৃতিকাৰীক আটকৰ পিছত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত বুলি ঘোষণা ৰাষ্ট্ৰীয় বজৰং দলৰ জিলা সমিতিৰ ।

ঘটনাৰ সৈতে জড়িত সকলোবোৰ দুষ্কৃতিকাৰীক আটক কৰাৰ দাবী বিজেপি কৰ্মীৰ লগতে আক্ৰাছু নেতাৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচৰা দুষ্কৃতিকাৰীক কঠোৰ শাস্তিৰ দাবী আক্ৰাছুৰ। উল্লেখ্য যে, আজি পুৱা আগমনিৰ অসম– বংগ সীমান্তৰ ছাগলীয়া স্থিত হৰি মন্দিৰত আপত্তি জনক মাংস পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande