ডিগবৈ সম-জিলাত এশ বিঘাতকৈ অধিক মাটিৰ এলেকাত নিৰ্মাণ হ'ব বহু কেইটা চৰকাৰী কাৰ্যালয়
তিনিচুকীয়া, ১৮ জুন (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ সম-জিলাত এশ বিঘাতকৈ অধিক মাটিৰ এলেকাত নিৰ্মাণ হ''ব বহু কেইটা চৰকাৰী কাৰ্যালয় । ডিগবৈ বৰবিল এলেকাধীন অঞ্চলত ডিগবৈ সমজিলাৰ বহু কেইটা চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰা হ''ব । ইফালে প্ৰয়োজনীয় চৰকাৰী
ডিগবৈ সম-জিলাত এশ বিঘাতকৈ অধিক মাটিৰ এলেকাত নিৰ্মাণ হ'ব বহু কেইটা চৰকাৰী কাৰ্যালয়


তিনিচুকীয়া, ১৮ জুন (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ সম-জিলাত এশ বিঘাতকৈ অধিক মাটিৰ এলেকাত নিৰ্মাণ হ'ব বহু কেইটা চৰকাৰী কাৰ্যালয় । ডিগবৈ বৰবিল এলেকাধীন অঞ্চলত ডিগবৈ সমজিলাৰ বহু কেইটা চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰা হ'ব । ইফালে প্ৰয়োজনীয় চৰকাৰী মাটিত যদিহে বেদখল হৈ আছে তেন্তে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। তিনিচুকীয়া জিলা আয়ুক্ত সুমিত চাত্তাৱনে এই কথা স্পষ্ট কৰি দিছে ।

ডিগবৈ ৰামনগৰৰ বাইপাচ পথৰ কাষত এশ বিঘাতকৈ অধিক চৰকাৰী ভূমিত সমজিলা আয়ুক্তৰ স্থায়ী কাৰ্যালয় স্থাপন কৰা হ'ব । ডিগবৈ সম-জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ লগতে চৰকাৰী আন আন সকলো বিভাগৰ কাৰ্যালয় এই প্ৰস্তাৱিত ভূমিতে নিৰ্মাণ কৰা হ'ব । ৮৪ নং ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, জিলা আয়ুক্ত সুমিত চাত্তাৱন,মাৰ্ঘেৰিটা মহকুমা ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, ডিগবৈ সমজিলাৰ আয়ুক্ত ফিলিছ ভি এইচ হ্ৰাংচালৰ লগতে অন্যান্য বিভাগৰ বিষয়া সকলকলৈ প্ৰস্তাৱিত ভূমি আজি পৰিদৰ্শন কৰে।

ইপিনে আয়ুক্ত গৰাকীয়ে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টিংৰাই তিনি আলিৰ সাপ্তাহিক বজাৰখন স্থানান্তৰিত কৰিব লগা ৰেচম বিভাগৰ কাষৰ ভূমি পৰিদৰ্শন কৰে । উল্লেখ্য যে ৰাষ্ট্ৰীয় পথৰ দুয়োপাৰে দেওবাৰে বহা সাপ্তাহিক বজাৰখনে ব্যাপক যানজঁট আৰু দুৰ্ঘটনাৰ হৈ আহিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande