নাজিৰাৰ দুজন যুৱক সন্ধানহীন
শিৱসাগৰ,১৮ জুন (হি.স.)। নাজিৰাৰ দুজন যুৱক সন্ধানহীন। নাজিৰাৰ ৱাৰ্ড নং ১ৰ ওপৰ নাজিৰাৰ দুজনকৈ যুৱক কৰ্ম সূত্ৰে বেংগালুৰুলৈ বুলি ৰেলেৰে গৈ থকা অৱস্থাতে আধা বাটতে সন্ধানহীন হৈ পৰে। ১২জুনত শিমলুগুৰিৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাতে ১৫ তাৰিখৰ নিশাৰ পৰা
নাজিৰাৰ দুজন যুৱক সন্ধানহীন


শিৱসাগৰ,১৮ জুন (হি.স.)। নাজিৰাৰ দুজন যুৱক সন্ধানহীন। নাজিৰাৰ ৱাৰ্ড নং ১ৰ ওপৰ নাজিৰাৰ দুজনকৈ যুৱক কৰ্ম সূত্ৰে বেংগালুৰুলৈ বুলি ৰেলেৰে গৈ থকা অৱস্থাতে আধা বাটতে সন্ধানহীন হৈ পৰে। ১২জুনত শিমলুগুৰিৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাতে ১৫ তাৰিখৰ নিশাৰ পৰা ম'বাইল ফোন চুইচ অফ হৈ পৰাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰি আৰক্ষীৰ কাষ চাপে যদিও বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই।

যুৱক কেইজনৰ নাম অঞ্জন দাস আৰু বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে। কোনো সদাশয় ব্যক্তিয়ে যদি যুৱক কেইজনৰ সন্ধান পাই ৮৮২২৭৭৯৯৩৭ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande