নগাঁও আৰক্ষীৰ বৰঘাটৰ ঘাইপথৰ পৰা জব্দ কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ
নগাঁও আৰক্ষীৰ বৃহৎ সফলতা
নগাঁও আৰক্ষীৰ বৃহৎ সফলতা


নগাঁও আৰক্ষীৰ বৃহৎ সফলতা


নগাঁও, ১৮ জুন (হি.স.)। নগাঁও আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা।

আৰক্ষীয়ে বৰঘাটৰ ঘাইপথৰ পৰা জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

উদ্ধাৰ হোৱা সন্দেহজনক হেৰ'ইনখিনৰ বজাৰ মূল্য প্ৰায় কেইবা কোটি টকা হ'ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজনকৈ লোকক।

শিলচৰৰ পৰা জুৰীয়াৰ শিঙাৰীলৈ এখন ক্ৰেটা বাহনেৰে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি । এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande