কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নীট-ইউজি পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা
নতুন দিল্লী, ১৮ জুন (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত বৃহস্পতিবাৰে ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট-ইউজি (NEET-UG) পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু পৰীক্ষা প্ৰক্
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान गुरुवार को नीट पुनर्परीक्षा की तैयारियों के लिए एक उच्चस्तरीय समीक्षा बैठक की अध्यक्षता करते हुए


নতুন দিল্লী, ১৮ জুন (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত বৃহস্পতিবাৰে ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট-ইউজি (NEET-UG) পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু পৰীক্ষা প্ৰক্ৰিয়াত সততা, স্বচ্ছতা, আৰু দক্ষতাৰ উচ্চতম মানদণ্ড বজাই ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

এই বৈঠকত শিক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ), আৰু উচ্চ শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সম্পাদক সঞ্জয় কুমাৰ, উচ্চ শিক্ষা বিভাগৰ সম্পাদক বিনীত যোশী আৰু এন টি এৰ সঞ্চালক প্ৰধান অভিষেক সিংও উপস্থিত থাকে।

সভাত ভাষণ দি প্ৰধানে কয় যে পুনৰ পৰীক্ষাৰ মুক্ত, ন্যায্য, আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিব লাগিব। তেওঁ সংশ্লিষ্ট সকলো সংস্থাক সজাগ হৈ থাকিবলৈ আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ে নিযুক্ত কৰা বিষয়াসকলে পুনৰ পৰীক্ষাৰ কাম-কাজৰ সমন্বয়ৰ বাবে সকলো ৰাজ্য ভ্ৰমণ কৰি এনটিএৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত কমাণ্ড চেণ্টাৰত প্ৰতিবেদন দাখিল কৰিব।

শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰসমূহৰ ন’ডেল বিষয়াসকলক পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীসকলে যাতে মানসিক চাপমুক্ত পৰিৱেশ লাভ কৰে আৰু সকলো প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কয়।

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সম্পাদক সঞ্জয় কুমাৰে উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত আৰামত হাজিৰ হ’ব পৰাকৈ পৰ্যাপ্ত আসনৰ ব্যৱস্থা, খোৱাপানী, আৰু অন্যান্য প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰসমূহৰ ন’ডেল বিষয়াসকলক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

উচ্চ শিক্ষা বিভাগৰ সম্পাদক বিনীত যোশীয়ে কয় যে পুনৰ পৰীক্ষাৰ আগৰ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে সকলো অংশীদাৰৰ মাজত সক্ৰিয় সমন্বয়, সময়মতে নিৰ্দেশনা প্ৰচাৰ, আৰু নিৰ্ধাৰিত প্ৰট’কলৰ কঠোৰ আনুগত্যৰ প্ৰয়োজন।

এনটিএৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে সংস্থাটোৱে জিলা পৰ্যায়ৰ সমন্বয় সমিতি, ৰাজ্যিক আৰক্ষী বিভাগ, চোৰাংচোৱা সংস্থাকে ধৰি সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে যাতে পুনৰ পৰীক্ষা শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হয়।

পৰীক্ষাৰ প্ৰস্তুতি, সমন্বয় ব্যৱস্থা, নিৰাপত্তা প্ৰট’কল, লজিষ্টিক ব্যৱস্থা, অভিযোগ নিৰাময় ব্যৱস্থা, পৰীক্ষাৰ নিৰ্দেশনা মানি চলা আদি বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছিল।

হাইব্ৰিড মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হোৱা এই সভাত মুঠ ২২২ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় পুঁজিৰে চলি থকা প্ৰতিষ্ঠানৰ ন'ডেল বিষয়া, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আৰু উচ্চ শিক্ষানুষ্ঠানৰ সঞ্চালকসকলে পুনৰ পৰীক্ষা সুচাৰুৰূপে চলাৰ বাবে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande