যোৱা পাঁচ বছৰে কৰ্কট ৰোগত আক্ৰান্ত টংলা বন গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী
যোৱা পাঁচ বছৰে কৰ্কট ৰোগত আক্ৰান্ত টংলা বন গাঁৱৰ মেধাবী ছাত্ৰী ৰাশি বৰুৱা।
যোৱা পাঁচ বছৰে কৰ্কট ৰোগত আক্ৰান্ত টংলা বন গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী


ওদালগুৰি, ১৮ জুন (হি.স.): যোৱা পাঁচ বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে টংলা বন গাঁৱৰ ৰাশি বৰুৱা নামৰ এগৰাকী মেধাবী ছাত্ৰী । ছাত্ৰী গৰাকীৰ চিকিৎসা কৰি কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে অসহায় পিতৃ মাতৃ । যোৱা ২০২১ চনতে মেধাবী ছাত্ৰী ৰাশি বৰুৱাৰ গাত ধৰা পৰিছিল কৰ্কট ৰোগৰ লক্ষণ । তেতিয়াৰে পৰা এখনৰ পিছত আনখন মেডিকেলত চিকিৎসা কৰি আহিছে দিন হাজিৰা কৰা পিতৃ - মাতৃয়ে।

ইফালে কেইবা বাৰু স্থানীয় বিধায়ক, পাৰিষদৰ ওচৰলৈ গৈছিল যদিও পূৰ্বৰ প্ৰতিনিধি সকলে বিশেষ গুৰুত্ব নিদিয়াৰ কথা সদৰি কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে । দিন হাজিৰা কৰা পিতৃ মাতৃয়ে এতিয়া ছোৱালী জনীক চিকিৎসা কৰিবলৈ অসমৰ্থ হৈ পৰিছে । ধনৰ অভাৱত ঘৰৰ বিচনাতে চটফটাই থাকিব লগীয়া হৈছে ছাত্ৰী গৰাকী। সেয়েহে ছোৱালী জনীৰ উন্নত চিকিৎসা বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত মামালৈ আৰ্থিক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ - মাতৃয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande