
শোণিতপুৰ, ১৮জুন (হি.স.)। শোণিতপুৰৰ গুদামঘাট গাৱত আব্দুল কাদিৰ নামৰ লোকজনৰ হত্যাকাণ্ডক লৈ বৰ্তমানেও অব্যাহত আছে প্ৰতিক্ৰিয়া । ইতিমধ্যে ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে বুধুৰাম মুণ্ডা নামৰ এজন লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
ইফালে ৰাইজে ঘটনাৰ সৈতে জৰিত আন লোককো অতি সোনকালে আটক কৰিবলৈ দাবী জনোৱাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে । লগতে মৃত্যু হোৱা আব্দুল কাদিৰৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে ঘটনাৰ সৈতে যিকোনো লোকেই জৰিত থাকক তাক আটক কৰিবলৈ দাবী জনাইছে অন্যথা আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু