মৰিগাঁৱৰ তেলাহিৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড
মৰিগাঁৱৰ তেলাহিৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড
মৰিগাঁৱৰ তেলাহিৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড

মৰিগাঁৱৰ তেলাহিৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড

মৰিগাঁও, ১৮ জুন (হি.স.)। মৰিগাঁও জিলাৰ তেলাহিৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিশাৰ আন্ধাৰৰ সুযোগ লৈ চোৰে বিদ্যালয়ত প্ৰৱেশ কৰি গুৰুত্বপূৰ্ণ নথি-পত্ৰ, কম্পিউটাৰ, চাউণ্ড চিষ্টেমৰ সামগ্ৰীকে ধৰি বহু মূল্যৱান সঁজুলি লুটি নিয়ে।

ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই ধৰমতুল আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰাৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শককো বিষয়টো অৱগত কৰে। ইফালে, অঞ্চলবাসীৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ধৰমতুল আৰক্ষী কি ঘোৰ নিদ্ৰাত মগ্ন নেকি? বিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানত সংঘটিত এনে চুৰিকাণ্ডই আইন-শৃংখলা ব্যৱস্থাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে।

এতিয়া ধৰমতুল আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয় নে নহয়, সেয়া লক্ষণীয় হৈ পৰিব।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar

 rajesh pande