অম্বুবাসী মেলাত আঠ লাখৰো অধিক ভক্তৰ আগমন সম্ভাৱনা : মুখ্যমন্ত্ৰী
গুৱাহাটী, ১৮ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ব্যাপক সমাৱেশেৰে ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে। নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত প
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ১৮ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ব্যাপক সমাৱেশেৰে ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে।

নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অম্বুবাচী মেলাৰ সময়ত ভাৰত আৰু বিদেশৰ ভক্তসকলক আদৰণি জনোৱাৰ বাবে উন্নত আন্তঃগাঁথনি আৰু বিশ্বমানৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই বছৰ ৮ লাখৰো অধিক ভক্তই এই মেলাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এই বৃহৎ সংখ্যক ভক্তই অসমৰ আধ্যাত্মিক চেতনা আৰু সাংস্কৃতিক গৌৰৱক নতুন উচ্চতালৈ উন্নীত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অম্বুবাছি মেলা কেৱল ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু নহয়, ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক।

অসমবাসীৰ হৈ ড° শৰ্মাই মা কামাখ্যাৰ সকলো ভক্তক উষ্ম আদৰণি জনাই এই পবিত্ৰ আধ্যাত্মিক অনুষ্ঠানৰ অংশ হ'বলৈ আমন্ত্ৰণ জনায়।

--------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande