জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ জেলেনস্কীক সাক্ষাৎ, শান্তি আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ
ইভিয়ান (ফ্ৰান্স), ১৮ জুন (হি.স.)। জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে। বৈঠকৰ পিছতে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য শ্বেয়াৰ কৰি কয় যে শেহতীয়া সময়ছোৱাত দুয়োখ
জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। ফটো: ইণ্টাৰনেট মিডিয়া


ইভিয়ান (ফ্ৰান্স), ১৮ জুন (হি.স.)। জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে। বৈঠকৰ পিছতে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য শ্বেয়াৰ কৰি কয় যে শেহতীয়া সময়ছোৱাত দুয়োখন দেশৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক যোগাযোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিটো বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব হিচাপে প্ৰকাশ পাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বৈঠকত ভাৰত আৰু ইউক্ৰেইনৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে যে অৰ্থনৈতিক সহযোগিতাক পুনৰ সজীৱ কৰিবলৈ বাণিজ্যিক সম্পৰ্ক যুদ্ধৰ পূৰ্বৰ স্তৰলৈ ঘূৰাই অনাৰ প্ৰয়োজন।

তেওঁৰ বাৰ্তাত তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে ভাৰতে সদায় শান্তিৰ পক্ষত থিয় দিব আৰু মানৱীয় মূল্যবোধক অগ্ৰাধিকাৰ দি নিজৰ ভূমিকা পালন কৰি যাব। দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই বৈঠক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত অনুষ্ঠিত এই বৈঠকক চলি থকা বিশ্ব সংঘাতৰ মাজত আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

-----------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande