মানকাচৰৰ হাজিৰহাটত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ
দক্ষিণ শালমাৰা মানকাচৰ, ১৮ জুন (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ হাজিৰহাটত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। মানকাচৰ সমষ্টিৰ হাজিৰহাট আৰু কদমতলী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ বাবে ইতিমধ
মানকাচৰৰ হাজিৰহাটত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ


দক্ষিণ শালমাৰা মানকাচৰ, ১৮ জুন (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ হাজিৰহাটত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ।

মানকাচৰ সমষ্টিৰ হাজিৰহাট আৰু কদমতলী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে।

খহনীয়াৰ বাবে ইতিমধ্যে শতাধিক পৰিয়ালৰ মাটিভেঁটি আৰু শ শ বিঘা কৃষিভূমি নদীগৰ্ভত বিলীন হৈছে। বহু পৰিয়ালে ঘৰবাৰী ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে ।

জলসম্পদ বিভাগে পাৰকুপাইন স্থাপন কৰি খহনীয়া ৰোধৰ চেষ্টা চলালেও সেয়া নদীৰ সোঁতে উটুৱাই নিয়াৰ অভিযোগ উঠিছে । হাটশিঙিমাৰী-সুখচৰ-হাজিৰহাট সংযোগী একমাত্ৰ পথছোৱাও তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। লগতে হাজিৰহাট, কদমতলী, বৰোবালুকে ধৰি কেইবাখনো গাঁও আৰু বিভিন্ন শিক্ষা-প্ৰতিষ্ঠান ভাবুকিত পৰিছে।

ৰাইজে অতি শীঘ্ৰে স্থায়ী গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande