গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ
গোৱালপাৰা, ১৮ জুন (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ । পুনৰ লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ নিছেই কাষতে উভতি আহে বনৰীয়া হাতীৰ জাক । জাকটোত আছে ২৫/৩০ টা মান বন্যহস্তী । খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা নামি আহি লক্ষীপুৰৰ আমবাৰী , ব
গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ


গোৱালপাৰা, ১৮ জুন (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ । পুনৰ লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ নিছেই কাষতে উভতি আহে বনৰীয়া হাতীৰ জাক । জাকটোত আছে ২৫/৩০ টা মান বন্যহস্তী । খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা নামি আহি লক্ষীপুৰৰ আমবাৰী , বৰদল , ঢোকাপৰাত চলায় উপদ্ৰৱ ।

আমবাৰী - বৰদল পথত কৰে বিচৰণ । ইফালে ঢোকাপাৰা পথাৰত বিচৰণ কৰাত মানুহে পথাৰৰ কাম এৰি পলায়ন কৰে । নিশা হোৱাৰ লগে লগে হাতী জাকৰ ভয়ত চিন্তিতহৈ পৰে গাওঁৰ লোক সকলে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande