

কামৰূপ, ১৮ জুন (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথত দিন দুপৰতে অব্যাহত আছে অবৈধ গো-সৰবৰাহ। ডিমৰীয়াৰ ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হ'ল অবৈধভাৱে গো সৰবৰাহ কৰা ট্ৰাক । ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত বিজুতি ঘটাত বাহনখন এৰি পলায়ন কৰে সৰবৰাহকাৰী। পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে ট্ৰাকখনৰ ভিতৰত গৰু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াতহে পোহৰলৈ আহে গো সৰবৰাহৰ ঘটনা।
উল্লেখ্য যে ৰাজপথত বিজুতি ঘটা এএছ ১২ ই ৬৩০৯ নম্বৰৰ ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৪ টা গৰু। এই পশুধনসমূহ নগাঁও দিশৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত জব্দকৃত পশু ধন সমূহ জাগীৰোডৰ পশ্চিম নগাঁৱৰ দহোটিহাবি কাউ প্ৰটেকচন ছ'চাইটিৰ অন্তৰ্গত গো-শালালৈ প্ৰেৰণ কৰা হয় ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar