আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’গৰৰ অমিত শ্বাহক সাক্ষাৎ
নতুন দিল্লী, ১৮ জুন (হি.স.)। ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৃহস্পতিবাৰে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত নিৰাপত্তা সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশৰ ওপৰত বিশদ আলোচনাত মিলিত হয়। গৃহমন্ত্ৰী অ
भारत में अमेरिका के राजदूत सर्जियो गोर गुरुवार को केंद्रीय गृह मंत्री अमित शाह से नई दिल्ली में मुलाकात करते हुए


নতুন দিল্লী, ১৮ জুন (হি.স.)। ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৃহস্পতিবাৰে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত নিৰাপত্তা সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশৰ ওপৰত বিশদ আলোচনাত মিলিত হয়।

গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত উল্লেখ কৰে যে ভাৰত-আমেৰিকাৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী আৰু নিচাজাতীয় দ্ৰব্য বিৰোধী ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰৰ সৈতে বিশদ আলোচনা কৰা হৈছে।

শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত-আমেৰিকাৰ সৰ্বাংগীন গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপক আগুৱাই নিয়াৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ আস্থা প্ৰকাশ কৰে যে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সম্পৰ্কই ভাৰত আৰু আমেৰিকাৰ নাগৰিকক উপকৃত কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande