
যোৰহাট, ১৮ জুন (হি.স.): যোৰহাট জিলাৰ নকছাৰি ৰে’ল ষ্টেচনৰ সমীপত আজি পুৱাই সংঘটিত হয় এক অঘটন। ৰে’লৰ খুন্দা নিহ হয় ৰজাবাৰী গাঁৱৰ বচন মাঝি নামৰ এজন লোক।
জানিব পৰা মতে আজি পুৱাই কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ । নিতৌ ৰেলেৰে নামটি লৈ কাম কৰিব যায় পতি পত্নী দুয়ো। আজিও লৰা লৰিকৈ ৰে’ল ধৰিবলৈ ৰে’লৰ চিৰিৰ মাজেৰে খৰ খেদাকৈ গৈছিল ব্যক্তি জন। পুৱা ৬.৩৯ বজাত উজনি মুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত থিতাতে মৃত্যু হয় ব্যক্তি জন। নকছাৰি ৰে’ল ষ্টেচনৰ পৰা দুশ মিটাৰ মান দূৰত সংঘটিত হৈছে এই ঘটনাটো । ইতিমধ্যে মৰিয়নি ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ