

কামৰূপ, ১৮জুন (হি.স.)। হাজোৰ কুলহাটী বজাৰ চ'কৰ ভোলানাথ গহণালয়ত চুৰি কাণ্ড। নিশা চোৰে লুটপাট চলালে হাজোৰ কুলহাটীৰ বজাৰ চকত থকা ভোলানাথ গহণালয়ত। চোৰে ব্যবসায়ীক প্ৰতিষ্ঠান খনৰ পিছফালৰ লোৰ গ্ৰীলৰ দৰ্জা কাটি লুটপাত চলায়। চোৰে ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ ভিতৰত থকা সোণ ৰূপৰ অলংকাৰ লুটি নিয়ে।
প্ৰতিষ্ঠান খনৰ পৰা চোৰে প্ৰায় ১০/১২ লাখ টকাৰ মুল্যৰ সোণ ৰূপৰ সামগ্ৰী লৈ উধাও হয়। ইফালে চোৰে ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ ভিতৰত থকা চিচিটিভিৰ সামগ্ৰী সমূহ চোৰে উঠাই লৈ যায় বুলিও ভোলানাথ গহণালয়ৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। আনহাতে স্থানীয় একাংশ লোকে অৱগত কৰা অনুসৰি নিশাৰ ভাগত কুলহাটী বজাৰ চকৰ ব্যৱসায়ীক সন্থাৰ তৰফৰ পৰা পহৰাৰ ব্যৱস্থা থকাৰ পিছতো কেনেদৰে চুৰিকাৰ্য সংঘটিত হ'ল চিন্তনীয় বিষয়। ইফালে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar