
ৰটাৰডেম (নেদাৰলেণ্ডছ), ১৮ জুন (হি.স.)। ভাৰতীয় পুৰুষ হকী দলটোৱে এফ আই এইচ হকী প্ৰ’ লীগ ২০২৫-২৬ৰ ৰটাৰডেম লেগৰ দ্বিতীয়খন মেচত বর্তমানৰ বিশ্ব চেম্পিয়ন জার্মানীক ৩-১ গ’লত পৰাস্ত কৰি শক্তিশালী প্রদর্শন আগবঢ়ায় ৷
ভাৰতীয় দলৰ হৈ মনদ্বীপ সিং (৭ মিনিট), শিলানন্দ লাকৰা (১৩ মিনিট), আৰু নীলাকান্ত শৰ্মাই (৩৫ মিনিট) গ’ল দিয়াৰ বিপৰীতে জাৰ্মানীৰ হৈ একমাত্ৰ গ’লটো ৰাফেল হাৰ্টকোপে (৪৫ মিনিট) কৰে।
এই মেচখন আছিল প্ৰবীণ মিডফিল্ডাৰ মনপ্ৰীত সিঙৰ বাবে স্মৰণীয় খেল। প্ৰাক্তন কিংবদন্তি দিলীপ তিৰ্কীৰ অভিলেখ ভংগ কৰি তেওঁ ভাৰতীয় হকী খেলুৱৈৰ ভিতৰত সৰ্বাধিক কেপিং খেলুৱৈ হিচাপে পৰিগণিত হয়। মনপ্ৰীতে ৪১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, আনহাতে তিৰ্কিয়ে ৪১২ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।
ভাৰতে খেলখন ভালকৈ আৰম্ভ কৰি বলৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখি আৰম্ভণিৰে পৰাই চাপৰ সৃষ্টি কৰিছিল। ইয়াৰ ফল ৭ মিনিটত মনদীপে গ’ল দি ভাৰতক ১-০ গ’লত অগ্ৰগতি লাভ কৰে। প্ৰথম কোৱাৰ্টাৰ শেষ হোৱাৰ ঠিক আগতে ১৩ মিনিটত লাক্ৰাই জাৰ্মান গ’লৰক্ষক আলেকজেণ্ডাৰ ষ্টেডলাৰৰ কাষেৰে এটা উজ্জ্বল শ্বট দি ২-০ গ’লত অগ্ৰগতি লাভ কৰে।
দ্বিতীয় কোৱাৰ্টাৰত জাৰ্মানীয়ে কামবেকৰ চেষ্টা চলাইছিল যদিও ভাৰতীয় ডিফেন্সে দৃঢ়তাৰে ধৰি ৰাখিছিল। ২৪ মিনিটত জাৰ্মানীয়ে খেলখনৰ প্ৰথমটো পেনাল্টি কৰ্ণাৰ লাভ কৰে যদিও অমিত ৰোহিদাছে ৰক্ষা কৰে। বাৰে বাৰে আক্ৰমণৰ অন্তত ২৭ মিনিটত জাৰ্মানীয়ে আন এটা পেনাল্টি কৰ্ণাৰ লাভ কৰে যদিও গ’লৰক্ষক মোহিতে সহজ ছেভ কৰি হাফটাইমত ভাৰতক ২-০ গ’লত অগ্ৰগতি নিশ্চিত কৰে।
দ্বিতীয়াৰ্ধত ভাৰতীয় দলটোৱে গ’ল দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল। ৩৫ মিনিটত তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফল লাভ কৰিলে নীলাকান্তই এটা উজ্জ্বল গ’ল দি ভাৰতৰ অগ্ৰগতি ৩-০লৈ বৃদ্ধি কৰে। ইয়াৰ পিছত দুয়োটা দলে পাল্টা আক্ৰমণৰ আদান-প্ৰদান কৰি সমান স্ক’ৰ কৰাৰ সুযোগ সৃষ্টি কৰে। অৱশেষত তৃতীয় কোৱাৰ্টাৰত কিছু চেকেণ্ড বাকী থকা অৱস্থাত জাৰ্মানীয়ে সফলতা লাভ কৰে যেতিয়া ৪৫ মিনিটত ৰাফেল হাৰ্টকফে গ’ল দি ৩-১ গ’লত অগ্ৰগতি লাভ কৰে।
ভাৰতীয় ডিফেন্সে অন্তিম কোৱাৰ্টাৰত দৃঢ়তাৰে ধৰি ৰাখি জাৰ্মানীয়ে গ’ল দিব নোৱাৰিলে, ৩-১ গ’লত গুঞ্জৰিত জয় নিশ্চিত কৰিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া