গুৱাহাটীৰ পৰা ৰেলেৰে গোসাইগাঁও আহোতে সন্ধানহীন গোসাইগাঁৱৰ এজন বাসিন্দা
কোকৰাঝাৰ, ১৮ জুন (হি.স.)। গুৱাহাটীৰ পৰা ৰেলেৰে গোসাইগাঁও আহোতে সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল(৫৩)। গুৱাহাটীত অধ্যয়নৰত কন্যাক এৰি কালি সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰেল গাড়ীৰে আহোতে সন্ধানহীন হৈছে লোকজন। অন্তিমবাৰ পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হয় আৰু তেও
গুৱাহাটীৰ পৰা ৰেলেৰে গোসাইগাঁও আহোতে সন্ধানহীন গোসাইগাঁৱৰ এজন বাসিন্দা


কোকৰাঝাৰ, ১৮ জুন (হি.স.)। গুৱাহাটীৰ পৰা ৰেলেৰে গোসাইগাঁও আহোতে সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল(৫৩)। গুৱাহাটীত অধ্যয়নৰত কন্যাক এৰি কালি সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰেল গাড়ীৰে আহোতে সন্ধানহীন হৈছে লোকজন। অন্তিমবাৰ পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হয় আৰু তেও কোকৰাঝাৰ ৰেল ষ্টেশন পোৱা বুলি পৰিয়ালক জনায়।

দুস্কৃতিকাৰীয়ে সংজ্ঞাহীন কৰি সকলো লুট কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ। পৰিয়ালৰ লোকে নিশা কোকৰাঝাৰ ৰেল ষ্টেশনত বিচাৰে যদিও কোনো সন্ধান পোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande