
বাক্সা, ১৮ জুন (হি.স.): বাক্সাৰ সুৱাগপুৰ আৰক্ষীয়ে পশ্চিমবঙ্গৰ ইছলামপুৰৰ পাঞ্জিপাৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰেড লাইট এলেকা পৰা অসমৰ এগৰাকী মহিলাক উদ্ধাৰ কৰিছে । অভিযান উদ্ধাৰ প্ৰায় ২ বছৰ পূৰ্বে মানৱ সৰবৰাহৰ চক্ৰত পৰা গোৰেশ্বৰ সুৱাগপুৰৰ এগৰাকী মহিলা। এখন পতিতালয়ৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক ৷
তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক সমাজকৰ্মী বাপন দাস, সুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু AAGSU (আগছু) পূৱ ডেফেলী আঞ্চলিক সমিতিয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক৷গোৰেশ্বৰ থানা ৩৫/২৬ গোচৰ ৰুজু কৰি সুৱাগপুৰ আৰক্ষীয়ে চলাইছিল অভিযান ।
গুৱাহাটীৰ এজন হুছেইন উপাধিৰ ব্যক্তি আৰু সহযোগী মহিলাই কামৰ প্ৰলোভন দেখুৱাই মহিলাগৰাকীক কৰিছিল বিক্ৰী ৷ বৰ্তমান মহিলাগৰাকীক উদ্ধাৰ কৰি তামুলপুৰ জিলা ছেফটি হোম (SAFTY HOME)ত ৰখা হৈছে বুলি জানিব দিছে। আৰু আৰক্ষীয়েও মানৱ সৰবৰাহৰ গেংটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিবলৈ বিজেপিৰ সাধাৰণ সম্পাদক সমাজকৰ্মী বাপন দাস আৰু আগছুৰ পূৱ ডেফেলী আঞ্চলিক সমিতিয়ে আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ