
তামুলপুৰ,১৮ জুন(হি.স.)। তামুলপুৰ জিলাৰ দৰঙামেলাত আজি স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ), জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা তামুলপুৰ চেৰ্জা ফাউণ্ডেচনৰ যৌথ উদ্যোগত আৱৰ্জনা কঢ়িওৱা চাৰিখন বাহনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামুলপুৰৰ প্ৰকল্প সঞ্চালক গোবিন্দ ৰাভা, খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰী, কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল পাঠকৰ লগতে সেৰজা ফাউণ্ডেচনৰ বিষয়ববীয়াসকলৰ উপস্থিতিত দৰঙামেলা বজাৰৰ পৰা ফ্লেগঅপ কৰি এই বাহনকেইখন মুকলি কৰা হয়।
আজিৰে পৰা চাৰিটা ভি.চি.ডি.চিত সেৰজা ফাউণ্ডেচনৰ পৰিচালনাত এই বাহন সমূহ চলাচল কৰিব। এই বাহনসমূহে গাঁৱৰ পৰা সংগ্ৰহ কৰা পেলনীয়া প্লাষ্টিককে ধৰি বিভিন্ন শুকান আৱৰ্জনা পৃথকীকৰণ কৰি খণ্ড পৰ্যায়ৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা গোট (PWMU) ত জমা কৰি বৈজ্ঞানিকভাৱে নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিব।
মুঠতে, গ্ৰামাঞ্চলৰ আৱৰ্জনাযুক্ত পৰিৱেশ নোহোৱা কৰি এখন স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও গঢ়াৰ লক্ষ্যৰে সেৰজা ফাউণ্ডেচনে এই তৎপৰতা আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু