যুদ্ধৰ পিছত ইৰাণ-কুৱেইটৰ মাজত প্ৰথমবাৰলৈ উচ্চ পৰ্যায়ৰ আলোচনা, ষ্ট্ৰেইট অৱ হৰমুজ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ
কুৱেইট চহৰ/তেহৰাণ, ১৮ জুন (হি.স.)। ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা চুক্তিৰ পিছত আঞ্চলিক কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। এই প্ৰেক্ষাপটত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি আৰু কুৱেইটৰ বৈদেশিক মন্ত্ৰী শ্বেইখ জাৰাহ জাবেৰ আল আহমদ আল ছাবাহে টেলিফোনিক ব
যুদ্ধৰ পিছত ইৰাণ-কুৱেইটৰ মাজত প্ৰথমবাৰলৈ উচ্চ পৰ্যায়ৰ আলোচনা, ষ্ট্ৰেইট অৱ হৰমুজ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ


কুৱেইট চহৰ/তেহৰাণ, ১৮ জুন (হি.স.)। ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা চুক্তিৰ পিছত আঞ্চলিক কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। এই প্ৰেক্ষাপটত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি আৰু কুৱেইটৰ বৈদেশিক মন্ত্ৰী শ্বেইখ জাৰাহ জাবেৰ আল আহমদ আল ছাবাহে টেলিফোনিক বাৰ্তালাপ কৰে। সংঘাত আৰম্ভ হোৱাৰ পাছত এইটোৱেই হ’ল দুয়োগৰাকী নেতাৰ মাজত প্ৰথম আনুষ্ঠানিক বাৰ্তালাপ বুলি জানিব পৰা গৈছে।

কুৱেইটৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে, আলোচনাৰ সময়ত আঞ্চলিক নিৰাপত্তা, স্থিতিশীলতা আৰু সামুদ্ৰিক বাণিজ্যৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। কুৱেইটৰ বৈদেশিক মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শেহতীয়াকৈ এই চুক্তিয়ে অঞ্চলটোত উত্তেজনা হ্ৰাস কৰিব, হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰিব, আৰু বাকী থকা বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ পথ মুকলি কৰিব।

ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে উপসাগৰীয় দেশসমূহৰ সৈতে আলোচনা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনা আৰু সহযোগিতাৰ জৰিয়তে পাৰস্পৰিক বিশ্বাস সুদৃঢ় কৰাৰ লগতে বাকী থকা মতানৈক্যসমূহ সমাধান কৰিব পৰা যায় বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে শেহতীয়া আঞ্চলিক উত্তেজনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত উপসাগৰীয় দেশসমূহৰ ভিতৰত কুৱেইট অন্যতম। এপ্ৰিল মাহত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো অঞ্চলটোত নিৰাপত্তাজনিত প্ৰত্যাহ্বান অব্যাহত আছিল। যোৱা সপ্তাহত ইৰাণে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱাৰ খবৰ ওলাইছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande