হোটেল আৰু খাদ্য প্ৰতিষ্ঠানসমূহক মামৰে ধৰা কটাৰী আৰু ব্লেড ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ
নতুন দিল্লী, ১৮ জুন (হি.স.)। ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই সমগ্ৰ দেশৰ সকলো হোটেল আৰু খাদ্য প্ৰতিষ্ঠানক খাদ্য প্ৰস্তুত, প্ৰক্ৰিয়াকৰণ, কাটি, পেকেজিঙৰ ক্ষেত্ৰত কেৱল খাদ্য গ্ৰেডৰ আৰু মৰিছা প্ৰতিৰোধী কটাৰী, ব্লেড, আৰু অন্যান্য কাটিব পৰা সঁ
Fssai


নতুন দিল্লী, ১৮ জুন (হি.স.)। ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই সমগ্ৰ দেশৰ সকলো হোটেল আৰু খাদ্য প্ৰতিষ্ঠানক খাদ্য প্ৰস্তুত, প্ৰক্ৰিয়াকৰণ, কাটি, পেকেজিঙৰ ক্ষেত্ৰত কেৱল খাদ্য গ্ৰেডৰ আৰু মৰিছা প্ৰতিৰোধী কটাৰী, ব্লেড, আৰু অন্যান্য কাটিব পৰা সঁজুলি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। বৃহস্পতিবাৰে এটা পৰামৰ্শ জাৰি কৰি এফ এছ এছ এ আইয়ে কয় যে বহু খাদ্য প্ৰতিষ্ঠানে মৰিছা পৰা, ভঙা, চিপ লোৱা বা ক্ষতিগ্ৰস্ত কাটিব পৰা সঁজুলি ব্যৱহাৰ কৰিছে, যাৰ ফলত খাদ্যৰ ভৌতিক, ৰাসায়নিক আৰু অণুজীৱৰ দূষণৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এফ এছ এছ এ আইৰ মূল নিৰ্দেশনাসমূহৰ ভিতৰত আছে কেৱল খাদ্য গ্ৰেড আৰু মৰিছা প্ৰতিৰোধী কটাৰী, ব্লেড, আৰু কাটিব পৰা সঁজুলি ব্যৱহাৰ কৰা, আৰু সঁজুলিসমূহৰ নিয়মীয়া পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণ, সঠিক চাফাই, চেনিটাইজেচন আৰু বিজানুমুক্ত নিশ্চিত কৰা।

এফ এছ এছ এ আইয়ে সকীয়াই দিছে যে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ৰ অধীনত অমান্য প্ৰতিষ্ঠানসমূহে ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’ব পাৰে।ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সুৰক্ষা বিষয়াসকলকো পৰিদৰ্শনৰ সময়ত কঠোৰ নিৰীক্ষণ বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

খাদ্য সুৰক্ষা আৰু অধিক শক্তিশালী কৰাৰ বাবে খাদ্যৰ পেকেজিঙত ষ্টেপল পিন ব্যৱহাৰ কৰাত শেহতীয়াকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত এই পদক্ষেপ লোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande