
কোকৰাঝাৰ, ১৮ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পাটগাঁৱত বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উক্ত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অনুষ্ঠানত মুখ্য অতিথি বিটিচি ৯ নং বনৰগাঁও সমষ্টিৰ পাৰিষদ যুৱৰাজ বসুমতাৰী উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলক আগন্তুক দিনত শৈক্ষিক দিশত আগুৱাই যোৱাৰ বাবে উৎসাহ প্ৰদান কৰে। আজি পাটগাঁৱত সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এচু কোকৰাঝাৰ সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অনুষ্ঠানিকভাৱে এখন কৈ চাওতালি পানচি, আৰু মান পত্ৰৰে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহ সম্পাদক ইজৰাইল হেম্ব্ৰম উপস্থিত থাকি ছাত্র-ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে চাওতাল সকল নীপিড়িত নিৰ্যাতিত হোৱা অতি দৰিদ্ৰ হয়। বহুতো ছাত্র-ছাত্ৰীয়ে সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ আৰ্থিক অভাৱ অনাটনৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হব লগা হয়।তেনেধৰণৰ ছাত্ৰী-ছাত্ৰী সকলক সংগঠনৰ ফালৰ পৰা যথাসম্ভৱ সহায় কৰাৰ আশ্বাস প্ৰদান কৰি চৰকাৰৰ লগতে জন প্ৰতিনীধি সকলকো দুখীয়া দৰিদ্ৰ ছাত্র ছাত্ৰী সকলক সহায় কৰিবলৈ আহ্বান জনায় । আজি অনুষ্ঠানত মুঠ ৩৬ গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ