
আমিৰ খান প্ৰডাকচনৰ বহু প্ৰত্যাশিত ছবি বটৱাৰা ১৯৪৭ৰ টিজাৰ মুকলি কৰা হৈছে। মোচন পোষ্টাৰ আৰু চৰিত্ৰৰ পোষ্টাৰৰ পিছত ছবিখনৰ প্ৰথম আভাসে দৰ্শকৰ আশাক আৰু অধিক ইন্ধন যোগাইছে। ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ পটভূমিত নিৰ্মিত এই টিজাৰত সাহস, ত্যাগ, আৰু মানৱীয় মনোভাৱক কেন্দ্ৰ কৰি এক কাহিনীৰ ইংগিত দিয়া হৈছে। আৱেগিক দৃশ্য আৰু শক্তিশালী সংলাপেৰে ভৰপূৰ টিজাৰটোৱে ইতিহাসৰ অন্যতম কঠিন সময়ত আশাৰ ৰশ্মি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে।
টিজাৰটোত এজন নায়কৰ কাহিনী চিত্ৰিত কৰা হৈছে, যিয়ে ঘৃণা আৰু ভয়ৰ পৰিৱেশৰ মাজত মানৱতা আৰু সাহসৰ নিদৰ্শন হিচাপে আত্মপ্ৰকাশ কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাবানা আজমী, ছানী দেওল, প্ৰীতি জিন্তা, কৰণ দেউল, আলী ফজল, অভিমন্যু সিঙে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় তিনিটা দশকৰ পাছত পৰিচালক ৰাজকুমাৰ সন্তোষী আৰু ছানী দেওলৰ যুটি পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে, যিটো পদক্ষেপে দৰ্শকৰ মাজত উল্লেখযোগ্য উত্তেজনাৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ সংগীতৰ ৰচনা কৰিছে এ.আৰ. ৰহমান আৰু গীতৰ কথা জাভেদ আখতাৰ। আমিৰ খান আৰু অপৰ্ণা পুৰোহিতৰ প্ৰযোজনা কৰা এই ছবিখন অহা ১৪ আগষ্টত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব। এই টিজাৰটোৱে দৰ্শকৰ আশা আৰু অধিক বৃদ্ধি কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া