
নগাঁও, ১৮ জুন (হি.স.)। নগাঁও আৰক্ষীৰ বৃহৎ সফলতা। নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। শিলচৰৰ পৰা নগাঁও জুৰীয়ালৈ আনি থকা অৱস্থাত আৰক্ষীয়ে নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ। আৰক্ষীয়ে জব্দ কৰিছে ৬৮টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ।
ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ইনামূল হক, ইলিয়াছ আহমেদ আৰু নজমূল ইছলাম।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু