
গুৱাহাটী, ১৮ জুন (হি.স.)। অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে আমৰি (এছ টি) পাহাৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ হাইবে তেৰণক মনোনীত কৰা হ’ব বুলি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
আজি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ পৰা প্ৰথমজন নিৰ্বাচিত জনপ্ৰতিনিধি হৈছে চিকিৎসা পেছাদাৰী ডাঃ হাইবে টেৰন। তেওঁ উল্লেখ কৰে যে ড° টেৰনে জনজাতীয় জনগোষ্ঠীৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁৰ প্ৰাৰ্থীত্বই বিধানসভাৰ কাৰ্য্যবিধিত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠক আৰু অধিক শক্তিশালী কৰিব।
ড০ টেৰনৰ অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি দায়বদ্ধতাই বিধানসভাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ শক্তিশালী কৰাৰ লগতে জনজাতীয় অঞ্চলসমূহৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে উত্থাপন কৰিব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ