

কোকৰাঝাৰ, ১৮ জুন (হি.স.)। আজি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক পলিঅ’ টিকাকৰণ অভিযান–ৰাষ্ট্ৰীয় পলিঅ’ টিকাকৰণ দিৱস (National Immunization Day–NID) উপলক্ষে চূড়ান্ত প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে জিলা টাস্ক ফ’ৰ্চ (DTF)-ৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। বৈঠকত অহা ২৮ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পলিঅ’ টিকাকৰণ অভিযান সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। উক্ত অভিযানৰ অধীনত পাঁচ বছৰৰ তলৰ সকলো শিশুক পলিঅ’ প্ৰতিষেধক ড’জ প্ৰদান কৰা হ’ব।
জিলাৰ বালাজান , দোতমা , কছুগাঁও , গোঁসাইগাঁও , গোঁসাইগাঁও নগৰাঞ্চল আৰু কোকৰাঝাৰ নগৰাঞ্চল সামৰি এই অভিযান ৰূপায়ণ কৰা হ’ব। জিলাখনৰ সম্ভাব্য জনসংখ্যা ১০,১৭,১৮৩ জন, য’ত শূন্যৰ পৰা পাঁচ বছৰৰ শিশুৰ আনুমানিক সংখ্যা ১,২১,২৬৯ জন আৰু মুঠ ১,৯১,৯২১টা পৰিয়ালক এই অভিযানৰ আওতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অভিযান সফলভাৱে সম্পন্ন কৰাৰ বাবে এএনএম আৰু মাল্টিপাৰ্পাজ স্বাস্থ্য কৰ্মী-কে ধৰি মুঠ ৩৩১ গৰাকী টিকাকৰ্মীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন দায়িত্ব পালনৰ বাবে মুঠ ২,৫৬০ গৰাকী কৰ্মী নিয়োজিত থাকিব। জিলা খনত মুঠ ৬৬৭টা টিকাকৰণ বুথ স্থাপন কৰা হব আৰু বুথভিত্তিক কাৰ্যসূচী, ট্ৰানজিট দল আৰু ঘৰে ঘৰেও পৰিদৰ্শন কৰি কোনো যোগ্য শিশু বাদ নপৰাকৈ টিকাকৰণ সম্পন্ন কৰাৰ বাবে বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিলা আয়ুক্তগৰাকীয়ে বৈঠকত আন্তঃবিভাগীয় সমন্বয়, সুপৰিকল্পিত কাৰ্যপদ্ধতি আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনো যোগ্য শিশু যাতে টিকাকৰণৰ পৰা বঞ্চিত নহয়, সেই দিশত সকলো সংশ্লিষ্ট বিভাগ আৰু অংশীদাৰক একেলগে কাম কৰিবলৈ আহ্বান জনায়।বৈঠকত ADC (স্বাস্থ্য), কোকৰাঝাৰ; যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, কোকৰাঝাৰ; অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ), কোকৰাঝাৰ; জিলা টিকাকৰণ বিষয়া, কোকৰাঝাৰ; বিভাগীয় মুৰব্বী তথা সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ