
কামৰূপ, ১৮ জুন (হি.স.)। ৰাজ্যত বন্ধ হৈ পৰিছে এটাৰ পিচত আনটো বিয়াগোম চৰকাৰী খণ্ডৰ বিভাগ। ইয়াৰে অন্যতম হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ দ্বাৰা পৰিচালিত খাদী উৎপাদন কেন্দ্ৰটো।
ৰাজ্য তথা গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল এই খাদী উৎপাদন কেন্দ্ৰ সমূহ। বস্ত্ৰ নগৰীত স্থাপন কৰা হৈছিল শুৱালকুছি খাদী উৎপাদন কেন্দ্ৰ।
হস্ততাঁত বস্ত্ৰশিল্পৰে বিশ্ব বন্দিত শুৱালকুছি শিপিনীৰ কল্যাণৰ বাবে শুৱালকুছিৰ মাজমজিয়াতে প্ৰতিষ্ঠা হোৱা
শুৱালকুছি খাদী উৎপাদন কেন্দ্ৰটোৰ এতিয়া জৰাজীৰ্ণ অৱস্থা।
এটা সময়ত এই কেন্দ্ৰটোত উৎপাদন কৰা হৈছিল পাট আৰু মুগাৰ বস্ত্ৰ,
মুগা সূতাও উৎপাদন কৰা হৈছিল কেন্দ্ৰটোত।
কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ শিপিনী সকলে সকাহ পোৱাৰ লগতে
এই কেন্দ্ৰটোৰ উৎপাদনৰ জৰিয়তে লাভাংশ পাবলৈ সক্ষম হৈছিল। বিভাগটোৱে
কিন্ত সময়ৰ গতিত, চৰকাৰৰ অৱহেলাৰ আৰু চৰকাৰ অসহযোগিতাৰ ফলত এই
খাদী উৎপাদন কেন্দ্ৰটো হৈ পৰিছে এতিয়া অচল মুদ্ৰা
তাঁতশালৰ সকলো সুবিধা থকাৰ পিচতো এতিয়া মৃত্যু ঘণ্টা বাজিছে।
কেন্দ্ৰটো
দীৰ্ঘদিন বন্ধ হৈ থকাৰ বাবে কেন্দ্ৰটোৰ তাঁতশালৰ সামগ্ৰী সমূহো নষ্ট হৈ পৰিছে ।
নষ্ট হৈ পৰিছে বিভিন্ন ধৰনৰ তাঁতশালত ব্যৱহৃত যন্ত্ৰৰ লগতে মুগা কটা যন্ত্ৰও।
কাৰ্যালয়টোৰ অৱস্থা, মহামানৱ মহাত্মা গান্ধীৰ ফটো ফ্ৰেমটো জাৱৰৰ দমৰ মাজত পেলাই থোৱা আছে মহাত্মা গান্ধীক ।
এটা সময়ত ১৪ জন কৰ্মচাৰী থকা কেন্দ্ৰটোত মাথো এগৰাকী কৰ্মচাৰীয়ে জীয়াই ৰাখিছে কেন্দ্ৰটো ।
কেন্দ্ৰটোত উপস্থিত হৈ কামৰূপ জিলা আছুৰ উপসভাপতি ৰিংকু দাসে বুজ লয় কেন্দ্ৰটোৰ বৰ্তমানৰ অৱস্থাৰ ।
লগতে ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰে কেন্দ্ৰটোক কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক দাবী জনাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা