
নগাঁও, ১৮ জুন (হি.স.)। ৰূপহীহাটৰ বনগাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা। এগৰাকী বোৱাৰীৰ ৰহস্য জনক ভাবে মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। স্বামীৰ পৰিয়ালে চিপ লৈ আত্মহত্যা বুলি দাবী কৰিছে যদিও বোৱাৰী গৰাকীৰ পৰিয়ালৰ দাবী হত্যা কৰিহে আত্মহত্যাৰ ৰূপ দিয়া হৈছে। দীৰ্ঘ দিনৰে পৰাই মহিলা গৰাকীক স্বামীৰ পৰিয়ালে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ পৰিয়ালৰ।
ৰহস্যজনক ভাবে উদ্ধাৰ হোৱা মৃত বোৱাৰী গৰাকীৰ নাম মাইনা বৰদলৈ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে স্বামী পংকজ বৰদলৈক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।ঘটনাটো হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ