
নলবাৰী, ১৮ জুন (হি.স.)। নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত ৰতনপুৰৰ পৰা পশ্চিম গোৱৰাদল(নদীপাৰ)লৈ যোৱা পথটোৰ বিধ্বস্ত অৱস্থাই অঞ্চলটোৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জলা কলা খুৱাইছে ৷ পথৰ ওপৰত থকা বানত বিধ্বস্ত দলংখনো দীৰ্ঘদিনে নিৰ্মান নোহোৱাত সেই ঠাইৰ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাই দেখা দিছে বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰিছে ৷
উল্লেখ যে পূৱ নামবৰভাগ গাওঁ পঞ্চায়ত আৰু মথুৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰ-পশ্চিম গোৱৰাদলৰ লোকসকলে দলং তথা পথৰ সমস্যা সন্দৰ্ভত বাৰে বাৰে পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰে যদিও আজিলৈকে নাপালে কোনো সুফল। দুখন পঞ্চায়তৰ হেমাহীৰ ফলত জীযাতু ভূগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। সেই ঠাইৰ লোকসকলে কিদৰে জৰাজীৰ্ণ হৈ থকা পথটিৰে বিপদ সংকুল অৱস্থাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে সেয়া নিশ্চয় ভাবিবলগীয়া কথা ৷নিৰ্বাচন আহে আৰু যায়, প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতা-পালিনেতা সকলে অঞ্চলটোলৈ আহি ৰাইজৰ সমস্যাৰ সমাধান কৰাৰ অশ্বাস প্ৰদান কৰে যদিও আজিলৈকে অঞ্চলটোৰ ৰাইজৰ সমস্যা, সমস্যা হৈ থাকিল ৷
ৰাইজৰ সমস্যাৰ আজিও সমাধান হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷বৰষুণৰ বতৰত পথটিৰে যান বাহন চলাচল কৰাতো দূৰৰে কথা পথচাৰী চলাচল কৰাটোও দুৰ্বীষহ হৈ পৰিছে ৷পথৰ ওপৰত থকা দলংখনৰ দূৰৱস্থাৰ বাবে এম্বুলেন্স সেৱাও আহি পোৱাত পলম হয় বুলি উল্লেখ কৰে ৷ বছৰ বছৰ ধৰি বাৰিষাৰ বানে ক্ষতিগ্ৰস্ত কৰা পথ- দলং খনৰ মেৰামতি তথা পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা